সনাতন ধৰ্মক লৈ বিতৰ্ক। ষ্টেলিন আৰু তামিলনাডু চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ। কি আছে এই আইনী জাননীত।

উচ্চতম ন্যায়ালয়ে ডিএমকে নেতা উদয়নিধি ষ্টালিন আৰু তামিলনাডু চৰকাৰক সনাতন ধৰ্মসন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে জাননী প্ৰেৰণ কৰিছে। ষ্টেলিনে সনাতন ধৰ্মক ডেংগু, মেলেৰিয়া আৰু কৰোনাৰ দৰে মহামাৰীৰ সৈতে তুলনা কৰিছিল। ষ্টালিনে সনাতন ধৰ্মক বিলুপ্ত কৰা প্রয়োজন আছে বুলি উল্লেখ কৰিছল ।

দেশৰ উচ্চতম ন্যায়ালয়ে ডিএমকে নেতা উদয়নিধি ষ্টেলিনলৈ সনাতন ধৰ্মসন্দৰ্ভত আগবঢ়োৱা এনেধৰণৰ মন্তব্যৰ বাবে আইনী জাননী প্ৰেৰণ কৰিছে। লগতে এই সন্দৰ্ভত তামিলনাডু চৰকাৰলৈ প্ৰেৰণ কৰিছে জাননী ।

তামিলনাডুৰ যুৱ কল্যাণ মন্ত্ৰী আৰু ডিএমকে নেতা উদয়নিধি ষ্টালিনে সনাতন ধৰ্মক ডেংগু, মেলেৰিয়া আৰু কৰোনাৰ দৰে মহামাৰীৰ সৈতে তুলনা কৰিছিল।

একে সময়তে, তেওঁ কয় যে ইয়াক সমাপ্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰিছিল। ষ্টালিনে ২ ছেপ্টেম্বৰত ‘সনাতন সন্মিলন’ নামৰ এক অনুষ্ঠানত অংশ লৈ আগবঢ়াইছিল আন এক বিতৰ্কিত মন্তব্য।

Comments (0)
Add Comment