এদিনীয়াত মহম্মদ ছামীয়ে ৰচিলে ইতিহাস; এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বেগী বলাৰত পৰিণত

মহম্মদ ছামীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ছামীৰ বিধ্বংসী বলিঙৰ বাবেই মেচখনত আলহী দল অষ্ট্ৰেলিয়াক সহজেই পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰত।

মেচখনত ছামীক প্লেয়াৰ অৱ দ্য মেচৰ খিতাপেৰে সন্মানিত কৰা হয়।

শৃংখলাৰ প্ৰথমখন মেচত মহম্মদ ছামীয়ে উজ্জীৱিত প্ৰদৰ্শন কৰাৰ লগতে ১৬ বছৰৰ মূৰত কোনো ভাৰতীয় বলাৰে নিজৰ ভূমিত ৫টা উইকেট লাভ কৰাৰ কৃতিত্বও গঢ়ে।

ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে এনে কৃতিত্ব জাহিৰ খানে ২০০৭ চনত কৰিছিল। ২০০৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে জাহিৰে ৫টা উইকেট দখল কৰিছিল।

এই কৃতিত্বৰ উপৰি মেচখনত ছামীয়ে আন এক অভিলেখ গঢ়িবলৈও সক্ষম হয়।

ঘৰৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হয় ছামী। শুকুৰবাৰৰ মেচখনত ছামীয়ে জাদেজাৰ অভিলেখ ভংগ কৰে। ভাৰতৰ ভূমিত জাদেজাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৪টা উইকেট দখল কৰিছে।

ভাৰতত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া মেচত ছামীয়ে এতিয়ালৈকে মুঠ ২৭টা উইকেট দখল কৰিছে। এই পৰ্যন্ত নিজৰ ভূমিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৫খন মেচ খেলিছে ছামীয়ে।

ভাৰতৰ ভূমিত এদিনীয়া মেচ খেলি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰা প্ৰথমজন বেগী বলাৰ হিচাপেও ইতিহাস ৰচিছে ছামীয়ে।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া মেচত ৫টা উইকেট দখল কৰিছিল কিম্বদন্তী কপিল দেৱ আৰু অজিত আগাৰকাৰে। অৱশ্যে দুয়োজনে বিদেশৰ ভূমিতহে এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে, কালিৰ মেচখনত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত আটাই কেইটা উইকেট হেৰুৱাই ২৭৬ ৰান সংগ্ৰহ কৰিছিল। মহম্মদ ছামীয়ে ১০ অভাৰত ৫১ ৰান দি ৫টা উইকেট লাভ কৰিছিল।

ইয়াৰ পিছত চাৰিগৰাকী ভাৰতীয় বেটাৰৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ৪৮.৪ অভাৰতে ভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰে।

Comments (0)
Add Comment