ভাৰতলৈ আহিবলৈ ভিছা পোৱা নাই পাকিস্তান ক্রিকেট দলে। Espncricinfo ই প্রকাশ কৰা শেহতীয়া তথ্যমতে বিশ্বকাপ ক্রিকেটত অংশগ্ৰহণৰ বাবে আহিবলগীয়া পাকিস্তানৰ ক্রিকেট দলটোৱে এতিয়ালৈকে ্যলাভ কৰা নাই ভিছা । সেয়েহে পাকিস্তান ক্রিকেট দলটোৱে বিশ্বকাপৰ পূৰ্বে ডুবাইত আয়োজন কৰা এটি বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ সিদ্ধান্ত বাতিল কৰিছে ।
ডুবাইৰ পৰা পোনে পোনে ভাৰতলৈ আহিব লগীয়া দলটো এতিয়া ৰাওনা হব ইউ এ ই লৈ । অৰ্থাৎ বাবৰৰ নেতৃত্বাধীন দলটো ইউ এ ই ৰ পৰা পোনে পোনে হায়দৰাবাদলৈ আহিব । ভিছাৰ ক্ষেত্রত উদ্ভৱ হোৱা সমস্যাৰ বাবে, পাকিস্তানী ক্রিকেট দলটোৱে এতিয়া সলনি কৰিছে পৰিকল্পনা ।
জানিব পৰা মতে, পাকিস্তান ক্ৰিকেট বোৰ্ডে এসপ্তাহ আগতে ভিছাৰ বাবে আবেদন কৰিছিল। কিন্তু পাকিস্তান ক্ৰিকেট বৰ্ডে ভাৰতলৈ আহিবলৈ এতিয়াও ভিছাৰ বাবে অনুমোদন লাভ কৰা নাই।
এতিয়া কি হ’ব?
ভিছা অনুমোদন লাভ নকৰাৰ বাবে সিদ্ধান্ত সলনি কৰিছে পাকিস্তানী ক্ৰিকেট দলটোৱে । জানিব পৰা মতে , পাকিস্তানী ক্ৰিকেট দলটো অহা ২৭ ছেপ্টেম্বৰত ডুবাইলৈ উৰা মাৰিব। তাৰ পৰা, দলটো ২৯ ছেপ্টেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুশীলন মেচত অংশগ্ৰহণৰ বাবে হায়দৰাবাদলৈ আহিব। পাকিস্তানী মেনেজমেণ্টৰ আশা দলটোৱে সময়সীমাৰ ভিতৰত ভিছা লাভ কৰিব।
এইবাৰ বিশ্বকাপত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিবলগীয়া পাকিস্তানী দলটোৰ মাত্র এজন খেলুৱৈহে পূৰ্বে ভাৰতলৈ আহিছিল । এইগৰাকী খেলুৱৈয়ে ২০১৬ চনৰ টি-২০ বিশ্বকাপত পাকিস্তান দলৰ হৈ অংশগ্ৰহণ কৰিছিল। সেইগৰাকী পাকিস্তানী ক্রিকেটাৰ হৈছে অলৰাউণ্ডাৰ মহম্মদ নাৱাজ ।