চন্দ্ৰৰ দক্ষিণ মেৰুত শুই পৰা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা চলাই আছে ইছৰোৱে। কিন্তু এতিয়ালৈকে লাভ কৰা নাই কোনো সহাৰি।
উল্লেখ্য যে, ২২ ছেপ্টেম্বৰত চন্দ্ৰত সূৰ্য্য উদয় হৈছিল আৰু ইয়াৰ পিছত আশা কৰা হৈছিল যে বিক্ৰম আৰু প্ৰজ্ঞান সক্ৰিয় হৈ উঠিব।
লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানৰ পৰা সহাৰি নোপোৱাত সকলোৰে মনত এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে যদি লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে পুনৰ কাম নকৰে তেন্তে চন্দ্ৰযান-৩ মিছন বিফল বুলি গণ্য কৰা হ’ব নেকি?
বিক্ৰম আৰু প্ৰজ্ঞান সন্দৰ্ভত স্পেচ এপ্লিকেশ্যন চেণ্টাৰ (আহেমেদাবাদ)ৰ সঞ্চালক নীলেশ এম দেশাইয়ে কয় যে ২২ ছেপ্টেম্বৰত সূৰ্য্য উদয় হোৱাৰ পিছত লেণ্ডাৰ আৰু ৰ’ভাৰে কাম কৰিব বুলি আশা কৰা হৈছে।
তেওঁ লগতে কয় যে, আমি ইয়াৰ পৰা সক্ৰিয় কৰিব নোৱাৰো, লেণ্ডাৰ আৰু ৰ’ভাৰত সংযোগ হৈ থকা সৌৰ পেনেলৰ পৰা শক্তি লাভ কৰিব আৰু শক্তি পোৱাৰ পিছত তেওঁলোকে কাম আৰম্ভ কৰিব পাৰে। বৰ্তমান দুয়োটাৰে পৰা কোনো সংকেত পোৱা নাই যদিও প্ৰচেষ্টা অব্যাহত আছে।
লেণ্ডাৰ আৰু ৰ’ভাৰ দুয়োটাই স্বয়ংক্ৰিয়ভাৱে পুনৰ সজীৱ হৈ উঠিব বুলিও তেওঁ লগতে কয়। লেণ্ডাৰ আৰু ৰ’ভাৰে এতিয়ালৈকে কোনো সংকেত নিদিয়াৰ পিছত এই অভিযানৰ কি হ’ব সেই প্ৰশ্ন উত্থাপন হৈছে। এই বিষয়টো সন্দৰ্ভত তেওঁ কয় যে যোগাযোগ স্থাপন নহ’লেও কোনো সমস্যা নাই কাৰণ দুয়োটাই কৰিবলগীয়া সকলো কামেই কৰিছে, যোগাযোগ স্থাপন হ’লে আৰু ভাল হ’ব। যদি পুনৰ সক্ৰিয় হৈ উঠে তেন্তে চন্দ্ৰপৃষ্ঠত বহুতো উপাদানৰ উপস্থিতি ধৰা পৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, ২০২৩ চনৰ ১৪ জুলাইত চন্দ্ৰযান-৩ উক্ষেপণ কৰা হৈছিল আৰু ২০২৩ চনৰ ২২ আগষ্টত লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিছিল।