চীনৰ হাংঝো প্ৰদেশত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ভাৰতে প্ৰত্যাশাজনক আৰম্ভণি কৰিছে। ২৩ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ভাৰতে ইতিমধ্যেই পদক তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় খেলুৱৈসকলে শ্বুটিং আৰু ৰোইঙত পদক লাভ কৰি সফলতা অৰ্জন কৰিছে। এতিয়ালৈকে ভাৰতে লাভ কৰিছে ৫টা পদক। ইযাৰে তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জ।
আনহাতে ক্ৰিকেটত ভাৰতীয় মহিলা দলে বাংলাদেশক পৰাস্ত কৰি অন্ততঃ ৰূপৰ পদক নিশ্চিত কৰিছে। ইফালে উজবেকিস্তানক ১৬-০ গ’লৰ বৃহত ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় পুৰুষ হকী দলটোৱে নিজৰ অভিযানৰ এক সুন্দৰ আৰম্ভণি কৰিছে।
এই পৰ্যন্ত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকল
- ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্ট (শ্বুটিং): ৰূপ
- পুৰুষৰ লাইটৱেট ডাবল স্কলছ (ৰোইং): ৰূপ
- পুৰুষৰ কক্সলেছ ডাবলছ (ৰোইং): ব্ৰঞ্জ
- পুৰুষৰ কক্সড ৮ দল (ৰোইং): ৰূপ
- মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল (শ্বুটিং): ব্ৰঞ্জ