হঠাৎ শৃংখলাৰ মাজতে ঘৰলৈ উভতিল এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ISHAN NEWS…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ আজি দ্বিতীয়খন মেচ ইণ্ডোৰত অনুষ্ঠিত হৈ আছে। টছত জয়ী হৈ অষ্ট্ৰেলিয়া দলে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।

কিন্তু টছৰ পূৰ্বে হঠাতে বিচিচিআইৰ তৰফৰ দিয়া হয় এটা ডাঙৰ আপডেট। ভাৰতীয় দলৰ এগৰাকী প্ৰবীণ খেলুৱৈয়ে শৃংখলাৰ মাজতে ঘৰলৈ উভতা বুলি জানিবলৈ দিয়ে।

যশপ্ৰীত বুমৰাহ ঘৰলৈ উভতিছে। বিচিচিআইয়ে টুইটাৰত লিখিছে, ‘অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলৰ বাবে দলৰ সৈতে ইন্দোৰলৈ অহা নাছিল যশপ্ৰীত বুমৰাহ। পৰিয়ালক লগ কৰিবলৈ ঘৰলৈ গৈছে আৰু দলীয় মেনেজমেণ্টে তেওঁক অলপ বিশ্ৰাম দিছে’।

লগতে আৰু কয়, ‘দ্বিতীয়খন এদিনীয়াৰ বাবে বুমৰাহৰ সলনি দলত যোগ দিছে বেগী বলাৰ মুকেশ কুমাৰে। ২৭ ছেপ্টেম্বৰত ৰাজকোটত অনুষ্ঠিত হ’বলগীয়া অন্তিমখন এদিনীয়াৰ পূৰ্বে বুমৰাহে পুনৰ দলত যোগদান কৰিব।‘

আজিৰ মেচখনত যশপ্ৰীত বুমৰাহৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক দলত অন্তৰ্ভুক্ত কৰিছে। আনহাতে অষ্ট্ৰেলিয়া দলত কেইবাটাও সাল সলনি দেখা গৈছে।

পেট কামিন্সৰ ঠাইত আজিৰ মেচখনত অষ্ট্ৰেলিয়া দলক নেতৃত্ব দিব ষ্টিভ স্মিথে। ইয়াৰ উপৰি মিচেল মাৰ্শ্ব আৰু মাৰ্কছ ষ্টইনিচো আজিৰ মেচত জিৰণি দিয়া হৈছে। তেওঁলোকৰ ঠাইত হেজেলউড, এলেক্স কেৰী আৰু স্পেঞ্চৰ জনছনক সুযোগ দিয়া হৈছে।

Comments (0)
Add Comment