মহাৰাষ্ট্ৰৰ নাগপুৰত বৰষুণৰ কাল ৰূপ; অসুস্থ মহিলাসহ চাৰিগৰাকী লোকৰ মৃত্যু। ISHAN NEWS…

শুকুৰবাৰে নিশাৰ পৰা মহাৰাষ্ট্ৰৰ নাগপুৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰবাসীৰ সাধাৰণ জন-জীৱন স্তব্ধ হৈ পৰিছে। মাত্ৰ ৪ ঘণ্টাত ১০০ মিলিমিটাৰ বৰষুণ হোৱাৰ ফলত মহানগৰীৰ বহু আৱাসিক অঞ্চল পানীত বুৰ গৈছে।

বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী কিছু সময়ৰ বাবে নাগপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যালয়-মহাবিদ্যালয়ত বন্ধৰ দিন ঘোষণা কৰিছে প্ৰশাসনে।

নাগপুৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পানীত ৫৩ বছৰীয়া মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়। শনিবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

কালিৰ মুষলধাৰ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ আজি নাগপুৰত উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছ। বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অম্বাঝৰী পুখুৰী অঞ্চল ভ্ৰমণ কৰি কিছু লোকৰ ঘৰ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

শনিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, বিগত কেইঘণ্টামানৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে নাগপুৰৰ অধিকাংশ অঞ্চল পানীত বুৰ গৈছে আৰু ইয়াৰ পিছত এখন বিদ্যালয়ৰ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি ৪০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

Comments (0)
Add Comment