সাগৰৰ তলিত মছজিদ । পানীৰ তলত নামাজ !

সাগৰৰ তলিত মছজিদ । আপুনি শুনি ছাগে আচৰিত হৈছে । এনে এক অসম্ভৱকে সম্ভৱ কৰিবলৈ গৈ আছে আৰৱ।
দিনক দিনে পৰ্যটনক্ষেত্রখনক এক নতুন মাত্রা দিবলৈ সক্ষম হোৱা আৰৱৰ দেশ সমূহত গুৰুত্ব বাঢ়িছে আধ্যাত্মিক পৰ্যটনৰ । সেয়েহে ধৰ্মীয় পৰ্যটনক আৰু অধিক আকৰ্ষণীয় কৰি তুলিবলৈ উঠিপৰি লাগিছে আৰবৰ দেশ সমূহ ।
শেহতীয়াকৈ সাগৰৰ তলিত ভাৰতীয় মুদ্ৰাৰ হিচাপত ১৫০০ কোটিতকৈও অধিক ধন ব্যয় কৰি ডুবাইৰ উপকুলত মছজিদ নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে । সাগৰৰ তলিত নিৰ্মান কৰিব বিশ্বৰ প্ৰথমটো মছজিদ। ২০২৪ চনৰ ভিতৰত মছজিদটো মুকলি কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে আৰবে ।


শেহতীয়াকৈ আৰৱ আমিৰশ্বাহীয়ে স্থাপত্য শিল্পৰ অনন্য সৃষ্টিশীলতাৰে বিশ্বৰ পৰ্যটন ক্ষেত্রত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । এই নতুন মছজিদে বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হব বুলি আশাবাদী দেশখন ।

জানিব পৰা মতে নতুনকৈ সাগৰ তলিত নিৰ্মাণ কৰিবলগীয়া মছজিদটোত থাকিব তিনিটা মহল । মছজিদৰ আধা অংশ থাকিব সাগৰৰ তলিত । পানীৰ তলৰ অংশটো প্ৰাৰ্থনাৰ স্থান হিচাপে ব্যৱহাৰ কৰিব । ৫০ – ৬০ জন লোক একগোট হৈ সেই স্থানত নামাজ পঢ়িব পাৰিব । আৰবৰ ইছলামিক পৰিক্রমা আৰু দাতব্য ন্যাসে এইকথা সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে ‌ ।

Comments (0)
Add Comment