এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দলে প্রথমবাৰ অংশগ্ৰহণ কৰিয়েই স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয় । শ্ৰীলংকা ক্রিকেট দলক ১৯ ৰাণত হৰুৱাই এই খিতাপ অৰ্জন কৰে ভাৰতে ।
টছত জিকি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১১৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ভাৰতৰ হৈ স্মৃতি মন্ধানাই ৪৫ টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰে আৰু জেমিমা ৰডিগ্ৰেজে ৪২ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে । ভাৰতীয় বলাৰ টিটাছ সাধুৱে তিনিটা উইকেট দখল কৰি দলটো বিজয়ী হোৱাত যথেষ্ট অৰিহণা আগবঢ়ায় ।
১১৭ ৰাণৰ লক্ষ্য লৈ খেলপথাৰত নমা শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৯৭ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । শ্ৰীলংকাৰ হৈ সুংগধিকা কুমাৰীয়ে ২টা আৰু ইনোকা ৰানাৱিৰাই ২টা উইকেট দখল কৰে।