ইণ্টাৰনেট সেৱা মুকলি কৰাৰ দুদিন পিছতে মণিপুৰত পুনৰ বন্ধ কৰি দিবলগীয়া হ’ল ইণ্টাৰনেট সেৱা। শিহৰণকাৰী দুখন ফটো ভাইৰেল হোৱাৰ বাবে সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত লয় প্ৰশাসনে।
উল্লেখ্য যে, দুজন ছাত্ৰক নৃশংসভাৱে হত্যা কৰাৰ পিছত তোলা ফটো ভাইৰেল হোৱাৰ পিছতে ৰাজ্যখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে ইণ্টাৰনেট সেৱা পুনৰ বন্ধ কৰি দিয়া হৈছে। এই দুয়োজন ছাত্ৰ যোৱা ৬ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল।
আশংকা কৰা অনুসৰি, মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়তে এই ছাত্ৰ দুজনক হত্যা কৰা হৈছিল।
ৰাজ্যখনত বিগত পাঁচমাহৰ মূৰত যোৱা দেওবাৰৰ পৰা পুনৰ মুকলি কৰা হৈছিল ইণ্টাৰনেট সেৱা। আৰু ইয়াৰ পিছতেই মৃত ছাত্ৰ দুজনৰ ফটো মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছিল।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মেইটেই সম্প্ৰদায়ৰ ছাত্ৰ দুজনৰ মৃতদেহ ভাইৰেল হোৱাৰ পিছত মঙলবাৰে ইম্ফলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে ৰাজ্যখনৰ ইণ্টাৰনেট সেৱাত সাময়িকভাৱে বাধা আৰোপ কৰাৰ নিৰ্দেশ দিয়ে।
দেওবাৰলৈ এই নিষেধাজ্ঞা থাকিব।
মণিপুৰত প্ৰচলিত আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম যেনে হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ ইত্যাদিৰ জৰিয়তে ভুল তথ্য, ভুৱা উৰাবাতৰি আৰু অন্যান্য প্ৰকাৰৰ হিংসাত্মক কাৰ্যকলাপ যাতে বিয়পি নপৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি নিৰ্দেশনাত উল্লেখ আছে।
উল্লেখ্য যে, মে’ মাহৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষত ৰাজ্যখনৰ প্ৰায় ১৭৫ গৰাকীৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে হাজাৰ-হাজাৰ লোক গৃহহীন হৈছে।