চীনৰ হাংঝো প্ৰদেশত চলি থকা এছিয়ান গেমছৰ তৃতীয় দিনাও ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে। প্ৰতিযোগিতাখনৰ তৃতীয় দিনা ভাৰতে তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে।
ভাৰতৰ অশ্বাৰোহী দলটোৱে ৪১ বছৰৰ পাছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়।
ভাৰতীয় অশ্বাৰোহী সুদীপ্তী হাজেলা, দিব্যকিৰ্তী সিং, অনুষ আগৰৱালা আৰু হৃদয় চেদাৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰে।
অশ্বাৰোহনৰ ৪০ বছৰীয়া ইতিহাসত ভাৰতে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
ড্ৰেছেজ ইভেণ্টৰ ফাইনেলত ভাৰতৰ অশ্বাৰোহী অনুষ, সুদীপ্তি, দিব্যকিৰ্তী আৰু হৃদয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। দলটোৱে লাভ কৰে ২০৯.২০৫ পইণ্ট।
দিব্যকিৰ্তীয়ে ৬৮.১৭৬ পইণ্ট, হৃদয়ে ৬৯.৯৪১ পইণ্ট আৰু অনুষে ৭১.০৮৮ পইণ্ট লাভ কৰে। ভাৰতীয় দলটোৱে চীনতকৈ ৪.৫ পইণ্ট অধিক লাভ কৰে।
উল্লেখ্য যে, তৃতীয় দিনা ভাৰতে লাভ কৰে তৃতীয়টো স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে মহিলা ক্ৰিকেট দলে স্বৰ্ণ পদক লাভ কৰিছিল। চূড়ান্ত খেলখনত ভাৰতীয় মহিলা দলে শ্ৰীলংকাক ১৯ ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ভাৰতে শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰিছিল।
এই পৰ্যন্ত ভাৰতে লাভ কৰিছে মুঠ ১৪টা পদক। ইয়াৰ ভিতৰত আছে ৩টা স্বৰ্ণ, ৪টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক।