ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰে সোমবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা কিম্বদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ এটা ভিডিঅ’ই ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।
ভিডিঅ’টোত প্ৰাক্তন অধিনায়ক কপিল দেৱৰ দুয়োখন হাত ৰচীৰে বান্ধি থোৱাৰ লগতে মুখতো কোপোৰেৰে বান্ধি থোৱা পৰিলক্ষিত হৈছে। হাত-মুখ বন্ধা অৱস্থাতেই দুজন লোকে কপিলক কোনো এটা কোঠালৈ লৈ যায়। এই সময়খিনিত কপিল দেৱক যথেষ্ট চিন্তিত তথা ভয় খোৱা পৰিলক্ষিত হয়।
এই ভিডিঅ’টো এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰি গম্ভীৰে অনুৰাগীক প্ৰশ্ন কৰে, ‘এই ক্লিপটো আন কোনোবাই পাইছে নেকি? আশা কৰো কপিল পাজী নহয় আৰু তেওঁ ঠিকেই আছে।‘
ভিডিঅ’টোত এনেকুৱা লাগিছে যেন কপিল দেৱক এই লোকসকলে অপহৰণ কৰি লৈ গৈছে। কপিল দেৱক লৈ যোৱা এই দুয়োজন লোকে তেওঁৰ সৈতে জোৰ-জবৰদস্তি কৰাও দেখা যায়।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো লাখ-লাখ মানুহে চোৱাৰ লগতে গৌতম গম্ভীৰে শ্বেয়াৰ কৰা ভিডিঅ’টো বৰ্তমানলৈকে ৫০ লাখ লোকে উপভোগ কৰিছে।
এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ধৰিছে। একাংশ লোকে কপিল পাজীক অপহৰণ কৰা বুলি কোৱাৰ বিপৰীতে একাংশ লোকে তেওঁৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
ইফালে আন কিছু লোকে এয়া কোনো টিভি শ্ব’ৰ বাবে বিজ্ঞাপনৰ দৃশ্য বুলিও অভিহিত কৰে।
খলকনিৰ সৃষ্টি তোলা এই ভিডিঅ’ সন্দৰ্ভত কপিল দেৱৰ মেনেজাৰ ৰাজেশ পুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অপহৰণৰ সকলো উৰা বাতৰিক নস্যাৎ কৰে।
জানিব পৰা মতে, এইটো এটা বিজ্ঞাপনৰ বাবে শ্বুট কৰা ভিডিঅ’।