শোকাৱহ : পথাৰত গৰু আনিবলৈ গৈ সলিল সমাধি ঘটিল দুই ভগ্নীৰ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ১ নং বাঘমাৰা চৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মঙলবাৰে সন্ধিয়া গাঁওখনৰ ছাবান আলীৰ দুই কণমানি কন্যা শ্বামিনা আক্তাৰ (১০) আৰু আফ্ৰুজা বেগম (৮)ৰ শোকাৱহভাৱে মৃত্যু ঘটে।

জানিব পৰা অনুসৰি, পথাৰৰ পৰা গৰু আনিবলৈ যাওতে জলজলী নদীৰ সূতিত পৰি মৃত্যু হয় দুয়ো ভগ্নীৰ।

পৰিয়ালৰ লোকে জনোৱা মতে, বিদ্যালয়ৰ পৰা আহি আবেলি দুই ভগ্নীয়ে একেলগে পথাৰলৈ যায় গৰু আনিবলৈ। কিন্তু বহু সময় দুয়োজনে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰি পথাৰলৈ যায়।

পথাৰত দুয়োকে বিচাৰি নাপাই হাহাকাৰ লাগে পৰিয়ালৰ লোকৰ মাজত। পিছত স্থানীয় লোকৰ সহযোগত জলজলী নদীৰ সূতিত বিচাৰ খোচাৰ কৰাত নদীৰ পৰা আফ্ৰুজা বেগমৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু শ্বামিনা আক্তাৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷


ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আলোপতি চৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলাই যদিও নিশালৈ শ্বামিনা আক্তাৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

কিন্তু বুধবাৰে পুৱা ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত শ্বামিনা আক্তাৰৰ মৃতদেহটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পিছত উদ্ধাৰ হোৱা দুয়োগৰাকী ভগ্নীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷

Comments (0)
Add Comment