২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২০২৪ বৰ্ষত যি সকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকলে অনলাইনৰ জৰিয়তে পূৰণ কৰিব লাগিব প্র-পত্র । ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত শিক্ষাৰ্থী সকলে অনলাইনত প্ৰপত্ৰ পূৰ্ণ কৰিব পাৰিব।

এগৰাকী শিক্ষাৰ্থীয়ে প্ৰ- পত্র পূৰণৰ সময়ত সৰ্বাধিক ১২০০ টকা জমা দিব লাগিব । ধন জমা দিবলগীয়া শিতান কেইটা হৈছে , পৰীক্ষাৰ মাচুল ৭০০ টকা , ব্যৱহাৰিক পৰীক্ষাৰ মাচূল ১৫০ টকা আৰু পৰীক্ষা কেন্দ্ৰৰ মাচুল ৩৫০ টকা।

সেইদৰে একোখন বিদ্যালয়ে বছেৰেকীয়া স্বীকৃতি মাচুল হিচাপে এক হাজাৰ টকা জমা দিব লাগিব
SBI ৰ জৰিয়তে শীক্ষাৰ্থী সকলে ৩ নৱেম্বৰৰ ভিতৰত চালান পেমেণ্টৰ কৰিব লাগিব । অনলাইনৰ জড়িয়তে ১৮ নৱেম্বৰলৈকে চেকলিষ্টৰ তথ্য শুদ্ধ কৰিব পাৰিব ।

sebaregistration.org পৰ্টেলৰ ৰ জৰিয়তে শিক্ষাৰ্থীসকলে অনলাইন পেমেণ্ট কৰিব পাৰিব। ।

Comments (0)
Add Comment