বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলত বৃহৎ পৰিৱৰ্তন; দলত অন্তৰ্ভুক্ত অশ্বিন

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলত এক বৃহৎ সাল সলনি ঘটা পৰিলক্ষিত হৈছে। অল ৰাউণ্ডাৰ অক্ষৰ পেটেলৰ ঠাইত তাৰকা স্পিনাৰ আৰ অশ্বিনক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

আঘাতৰ বাবে বিশ্বকাপৰ দলৰ পৰা বাহিৰ হ’ল অক্ষৰ পেটেল। অক্ষৰৰ আঘাত অশ্বিনৰ বাবে এক সুযোগ বুলি প্ৰমাণিত হ’ল।

উল্লেখ্য যে, এছিয়া কাপত পোৱা আঘাতৰ বাবে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাটোত পেটেলৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছিল অশ্বিনক।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ দুখন মেচত অশ্বিনে ৪টা উইকেট দখল কৰিছিল। দীৰ্ঘদিনৰ মূৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটোৰ জৰিয়তে এদিনীয়া ক্ৰিকেটত প্ৰত্যাৱৰ্তন ঘটিছিল অশ্বিনৰ।

ইয়াৰ পূৰ্বে অশ্বিনে ২০২২ চনৰ ২১ জানুৱাৰিত ভাৰতৰ হৈ অন্তিমখন এদিনীয়া মেচ খেলিছিল।

কিন্তু অন্তিম মুহূৰ্তত এতিয়া অশ্বিনক মেগা ইভেণ্টৰ বাবে ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত কৰাটো ক্ৰিকেট মহলত চৰ্চাৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ সদস্য অশ্বিনে এতিয়ালৈকে ভাৰতৰ হৈ ১১৫ খন এদিনীয়া মেচ খেলিছে।

Comments (0)
Add Comment