বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে হঠাৎ এদিনীয়াৰ পৰা অৱসৰ ঘোষণা নবীন উল হকৰ

আফগানিস্তানৰ প্ৰতিভাধৰ যুৱ ক্ৰিকেটাৰ নবীন উল হকে এদিনীয়া খেলৰ পৰা অৱসৰ ঘোষণা কৰি বিশ্ব ক্ৰিকেটক আচৰিত কৰি তুলিছে। বিশ্বকাপ ক্ৰিকেট খেলিবলৈ ভাৰতত উপস্থিত হোৱাৰ পিছতে নবীনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়াত পোষ্টটো শ্বেয়াৰ কৰি নবীনে লিখিছে, ‘মোৰ দেশক নেতৃত্ব দিয়াটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বিশ্বকাপৰ পিছত এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছো। মই মোৰ দেশৰ হৈ টি-২০ ফৰ্মেট খেলি যাম। এয়া অতি কঠিন সিদ্ধান্ত, কিন্তু কেৰিয়াৰ আগবঢ়াই নিয়াৰ বাবে এই কঠিন সিদ্ধান্ত ল’বলগীয়া হৈছে। সমৰ্থন আৰু মৰম দিয়াৰ বাবে আফগানিস্তান ক্ৰিকেট ব’ৰ্ড আৰু আমাৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছো।‘

নবীনৰ এই সিদ্ধান্ত জানি অনুৰাগীসকল নিশ্চিতভাৱে স্তম্ভিত হৈ পৰিছে।

নবীন এই পৰ্যন্ত ৭খন এদিনীয়া মেচ খেলিছে য’ত তেওঁ মুঠ ১৪টা উইকেট দখল কৰিছে। এদিনীয়া ক্ৰিকেটত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৪২ ৰানত ৪টা উইকেট।

উল্লেখ্য যে, আফগানিস্তানৰ দলটোৱে ৭ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। আনহাতে, আফগানিস্তানে অহা ১১ অক্টোবৰত ভাৰতৰ বিৰুদ্ধে খেলিব।

Comments (0)
Add Comment