বনৰীয়া হাতী খেদিবলৈ গৈ মৃত্যু এজন বনকৰ্মীৰ; তিনিজন আহত

শুকুৰবাৰে পুৱতি নিশা তিতাবৰৰ বিজয় নগৰত বনৰীয়া হাতী খেদিবলৈ গৈ এগৰাকী বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

তিতাবৰৰ বিজয় নগৰত সংঘটিত হোৱা এই ঘটনাত মৃত্যু হোৱা বনকৰ্মী জনক অতুল কলিতা(৫১)বুলি চিনাক্ত কৰা হৈছে। মৰিয়নী ডকলংঙীয়া নিবাসী কলিতা মৰিয়নী নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ত কৰ্মৰত আছিল।

আহত বনকৰ্মী তিনিজনক ক্ৰমে ৰাজীৱ বুঢ়াগোহাঁই, পৰাগ জ্যোতি দত্ত আৰু গীৰেন মাহাতু বুলি জানিব পৰা গৈছে।
আহত কেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

মৰিয়নী গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ যোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে।

হাতীৰ আক্ৰমণত এজন বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন বনকৰ্মী আহত হোৱাত অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰি আছে।

ইফালে মৰিয়নী তথা তিতাবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ লগতে শেহতীয়াকৈ হোৱা আক্ৰমণৰ বাবে অঞ্চলবাসী শংকিত হৈ পৰিছে।

Comments (0)
Add Comment