ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলংসমূহত থাকিব টোলগেট। ব্ৰহ্মপুত্ৰৰ ওপৰত চৰকাৰে নতুনকৈ নির্মাণ কৰিবলগীয়া দলংসমূহ পাৰ হ’বলৈ হ’লে জনসাধাৰণে পৰিশোধ কৰিব লাগিব কৰ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে ।
ৰাষ্ট্ৰীয় ঘাই পথৰ সৈতে ব্ৰহ্মপুত্ৰৰ ওপৰৰ যিবোৰ দলং সংযুক্ত হ’ব সেইবোৰ দলঙ টোলযুক্ত হব ।
ধুবুৰী আৰু ফুলবাৰী সংযোগী দলংখন টোলযুক্ত হোৱাৰ বিপৰীতে গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী দলংখনত টোল নাথাকিব । আনহাতে নাৰেংগী আৰু কুৰুৱা সংযোগী নতুনকৈ নিৰ্মাণ কৰিবলগীয়া দলংখন পাৰ হ’লে কৰ দিব লাগিব আপুনি ।
নতুনকৈ ব্ৰহ্মপুত্ৰৰওপৰত নিৰ্মান কৰিবলগীয়া দলঙত কৰ দিব লগীয়া কাৰ্যক লৈ ক্ষোভ প্রকাশ কৰিছে সাধাৰণ জনতাই । ৰাষ্ট্ৰীয় ঘাইপথৰ টোলকৰত জ্বলাকলা খোৱা সাধাৰণ জনতাক বাৰুকৈয়ে চিন্তাত পেলাইছে দলঙৰ টোল কৰে।