টেলিভিছনৰ লাইভ টক শ্ব’ৰ সময়ত পাকিস্তানৰ দুগৰাকী ৰাজনৈতিক নেতাৰ প্ৰচণ্ড মাৰপিট। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই মাৰপিটৰ দৃশ্যই হাঁহিৰ খোৰাক দিছে সাধাৰণ লোকক।
দৰাচলতে জাভেদ চৌধাৰীৰ এক্সপ্ৰেছ নিউজত চলি আছিল এটা টক শ্ব’। টক শ্ব’ত বিতৰ্ক চলিছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান সন্দৰ্ভত।
টক শ্ব’ৰ বিতৰ্কত অংশ লৈছিল পাকিস্তান মুছলিম লীগ-নৱাজৰ আফনান উল্লা খান আৰু পাকিস্তান তেহৰিক-ই-ইনছাফৰ শ্বেৰ আফজাল খান মাৰৱাট।
প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও পাকিস্তান মুছলিম লীগ-নৱাজৰ নেতাই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গালি-গালাজ কৰাৰ পিছতে সূত্ৰপাত হয় কাজিয়াৰ।
লাইভ টক শ্ব’ চলি থকাৰ সময়ত দুয়োগৰাকী নেতাই প্ৰথম অৱস্থাত তৰ্কা-তৰ্কিত লিপ্ত হয় আৰু পিছলৈ শাৰিৰীক আক্ৰমণৰ বাবে উদ্যত হৈ পৰে।
তৰ্কা-তৰ্কি ব্যক্তিগত পৰ্যায় পোৱাত মাৰৱাটে সংযম বজাই ৰাখিব নোৱাৰি আফনান উল্লাক প্ৰচণ্ড চৰ শোধায়। ইয়াৰ পিছতে দুয়োজনে ইজনে সিজনক চৰ, গোৰ, ঘোচা, ভুকু আদিৰে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিবলৈ ধৰে।
পৰিস্থিতি অধিক অৱনতি ঘটিবলৈ ধৰাত এংকৰে তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও সম্পূৰ্ণৰূপে বিফল হৈছিল। ভিডিঅ’টোত কেইছেকেণ্ডমানৰ বাবে দুয়োজন নেতাই নিউজ ডেস্কৰ পিছফালে মজিয়াত বহি থকা পৰিলক্ষিত হৈছিল।
এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে এক্স (টুইটাৰ) ব্যৱহাৰকাৰীয়ে বিভিন্ন আমোদনজক কেপশ্যনৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, পাকিস্তান টেলিভিছনত লাইভ টক শ্ব’ৰ সময়ত মাৰপিট সংঘটিত হোৱা এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও এনেধৰণৰ লজ্জাজনক ঘটনা সংঘটিত হৈ আহিছে দেশখনত।