পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা মছজিদৰ সমীপত শুকুৰবাৰে সংঘটিত এক শক্তিশালী আত্মঘাতী বোমা বিস্ফোৰণত এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসহ ৫২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হোৱাৰ খবৰ আহিছে।
বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত ঈদ উপলক্ষে মছজিদৰ বাহিৰত এক সমাৱেশৰ বাবে সমবেত হৈছিল বৃহৎ সংখ্যক লোক। সংবাদ মাধ্যমৰ বাতৰিৰ পৰা পোহৰলৈ আহিছে এই তথ্য।
এই বিস্ফোৰণটো বেলুচিস্তানৰ মুস্তাং জিলাত সংঘটিত হৈছে।
এজন বিষয়াই জনোৱা মতে, ঈদ মিলাদ উন নবী সমাৱেশ উপলক্ষে বহু লোক একত্ৰিত হোৱাৰ সময়তে মছজিদৰ সমীপত এই বিস্ফোৰণ সংঘটিত হয়।
উল্লেখ্য যে, হজৰত মহম্মদৰ জন্মদিনত ঈদ মিলাদ উন নবী পালন কৰা হয়।
মুস্তাংগৰ সহকাৰী আয়ুক্ত আট্টা উল মুনিমে কয় যে মদীনা মছজিদৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণটো অতি শক্তিশালী আছিল।
স্থানীয় আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনোৱা মতে, আহতসকলক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে আৰু চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
ইফালে প্ৰশাসনৰ লোকে জনোৱা অনুসৰি, আঘাতপ্ৰাপ্ত একাংশ লোকৰ অৱস্থা অতি সংকটজনক।