এছিয়ান গেমছৰ আজি সপ্তম দিন। আজি ৰোহন বোপান্না আৰু ৰুতুজা ভোছলে টেনিছৰ মিক্সড ডাবলছ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়।
সন্মানীয় প্ৰতিযোগিতাখনত ভাৰতে এই পৰ্যন্ত মুঠ ৩৫টা পদক লাভ কৰি তালিকাৰ পঞ্চম স্থানত আছে।
টেনিছৰ মিক্সড ডাবলছ ইভেণ্টৰ ফাইনেলত ৰোহন বোপান্না আৰু ৰুতুজা ভোছলেই প্ৰথমটো ছেটত পিছ পৰাৰ পিছত শক্তিশালীৰূপত প্ৰত্যাৱৰ্তন কৰি চীনা টাইপেইৰ এন-শ্বুও লিয়াং আৰু চুং-হাও হুয়াঙৰ যুটীক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় টেনিছ যুটীয়ে চীনৰ যুটীক ২-৬, ৬-৩, ১০-৪ (ছুপাৰ টাইব্ৰেক)ত পৰাস্ত কৰে।
উল্লেখ্য যে, টেনিছৰ পূৰ্বে আজি ভাৰতে শ্বুটিঙৰ জৰিয়তে প্ৰথমটো পদক লাভ কৰিছিল। সৰবজোট আৰু দিব্যাই ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰিছিল।
ইয়াৰ উপৰি আজি মিৰাবাই চানুৱে ভাৰোত্তোলনত নিজৰ অভিযান আৰম্ভ কৰাৰ বিপৰীতে পুল এ মেচত ভাৰতৰ পুৰুষ হকী দলে পাকিস্তানৰ বিৰুদ্ধে খেলিব।
আজি ভাৰতীয় পুৰুষৰ বেডমিণ্টন দলৰ ছেমি ফাইনেল খেলখনো অনুষ্ঠিত হ’ব।
ইফালে বক্সিঙত অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰে। তেওঁ দক্ষিণ কোৰিয়াৰ খেলুৱৈ ছুয়েন চেয়ঙক ৫-০ ব্যৱধানত পৰাস্ত কৰি ৭৫ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে।