এতিয়াৰ পৰা ৰাজ্যৰ ৪ খন জিলাতহে প্ৰযোজ্য হৈ থাকিব AFSPA; জি পি সিঙৰ ঘোষণা

আজিৰ পৰা অসমৰ চাৰিখন জিলাতহে প্ৰযোজ্য হৈ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা। আজি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘোষণা কৰে।

অসম আৰক্ষী দিৱস উপলক্ষে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ এপিবিএনত আয়োজিত এক বিশেষ অনুষ্ঠানত এইদৰে আনুষ্ঠানিক ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

আফস্পা প্ৰযোজ্য হৈ থাকিবলগীয়া জিলা কেইখন হ’ল ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ। ইফালে ৰাজ্যৰ আন আন জিলাৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে।

আজিৰ এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা ইনটেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন কুমাৰ ডেকাই অসম আৰক্ষীয়ে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি অনাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাক প্ৰশংসা কৰে।

অসম আৰক্ষীক প্ৰশংসা কৰি তপন কুমাৰ ডেকাই লগতে কয় যে বহু উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি অহাত ৰাজ্যত শান্তি প্ৰতিষ্ঠা হৈছে।

ইয়াৰ উপৰি অসম আৰক্ষীয়ে অবৈধ ড্ৰাগছ সৰবৰাহ আৰু অবৈধ সুৰা সৰবৰাহক দমন কৰাৰ ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰা বুলিও ডেকাই উল্লেখ কৰে।

Comments (0)
Add Comment