জঘন্য কাণ্ড : দুগৰাকী কিশোৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰা ৬ নৰ পিশাচক গ্ৰেপ্তাৰ

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগাকটাত কিশোৰীৰ সৈতে কুকাণ্ড সংগটিত কৰা ছয় নৰপিশাচক গ্ৰেপ্তাৰ কৰা হৈছে।

২৬ ছেপ্টেম্বৰত নগাকটাত অনুষ্ঠিত কৰম পূজা চাবলৈ যোৱা দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই ছজন লোকক।

পৰিয়ালৰ অভিযোগ অনুসৰি, ২৬ ছেপ্তেম্বৰত দুয়োগৰাকী কিশোৰী কৰম পূজা চাবলৈ ওলাই যোৱাৰ পিছত তেওঁলোকৰ চিনাকি হেমন্ত তেলী নামৰ লম্পটে বিভিন্ন প্ৰলোভন দি পূজা থলীৰ সমীপতে থকা বাগিচাৰ মাজলৈ লৈ যায়।

বাগিচাৰ ২২ নং লাইনত পূৰ্বৰে পৰা ৰৈ থকা হেমন্ত তেলীৰ সহযোগী আন ৫ লম্পট ক্ৰমে নচিব, গুদলু, পিচকা, পুছনু আৰু বল্দুজাৰে দুয়োগৰাকী নাবালিকাক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই সন্দৰ্ভত বৰহাট আৰক্ষী থানাত ছয় ধৰ্ষণকাৰী লম্পটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি লম্পটকেইজনক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি বৰহাট আৰক্ষীয়ে POCSO আইনৰ অধীনত ছয় লম্পটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Comments (0)
Add Comment