চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছত অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ উজ্জ্বল প্ৰদৰ্শন। দেওবাৰৰ দিনটোত ভাৰতে এতিয়ালৈকে এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। শ্বুটিঙত ভাৰতে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে।
মহিলাৰ দলীয় ইভেণ্ট ট্ৰেপত ভাৰতৰ ৰাজেশ্বৰী কুমাৰ, মনীষা কীৰ আৰু প্ৰীতি ৰজকে ৰূপৰ পদক লাভ কৰে। আমোদজনক কথাটো হ’ল ৰাজেশ্বৰীৰ পিতৃও আছিল এগৰাকী শ্বুটাৰ। ৰাজেশ্বৰীৰ পিতৃ ৰণধীৰ সিঙে স্বৰ্ণ পদক লাভ কৰিছিল।
উল্লেখ্য যে, ৰণধীৰ সিং অলিম্পিক কাউন্সিল অৱ এছিয়াৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু তেওঁৰ কন্যা ৰাজেশ্বৰীয়ে এইবাৰ এছিয়ান গেমছ ২০২৩ত অংশগ্ৰহণ কৰিছে।
এছিয়ান গেমছৰ শ্বুটিঙত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল ৰণধীৰ সিং। তেওঁৰ কন্যাও এতিয়া তেওঁৰ পদাংক অনুসৰণ কৰিছে। লাভ কৰিছে দেশৰ হৈ পদক।
ইফালে শ্বুটিঙৰ জৰিয়তেই দেওবাৰে প্ৰথমটো স্বৰ্ণ পদক লাভ কৰে ভাৰতে। পুৰুষৰ টিম ট্ৰেপ ইভেণ্টত চেনাই, পৃথ্বীৰাজ টোণ্ডিমন আৰু জোৰাৱৰ সিঙে উজ্জ্বল প্ৰদৰ্শন কৰি সোণৰ পদক লাভ কৰে।
উল্লেখ্য যে এই খবৰ লিখাৰ সময়লৈকে ভাৰতীয় খেলুৱৈয়ে মুঠ ৪১ টা পদক লাভ কৰিছে। ১১ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদক। বৰ্তমান পদক তালিকাত চতুৰ্থ স্থানত আছে বাৰত।
২২২টা পদকেৰে তালিকাৰ প্ৰথম স্থানত আছে চীন।