২০২৩ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ লগত কোভিড ১৯ ৰ কি সম্পৰ্ক ?

নোবেল বঁটা প্রদান কমিটিয়ে পূৰ্বৰ টুইটাৰ আৰু বৰ্তমানৰ X ৰ যোগেদি ঘোষণা কৰে ২০২৩ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ।

কাটালিন কাৰিকো আৰু ড্ৰিউ ৱেইজমেনলৈ আগবঢ়োৱা হয় ২০২৩ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ৷

নিউক্লিয়’ চাইডৰ পৰিৱৰ্তন আৰু কোভিড ১৯ ৰ বিৰুদ্ধে চলা যুঁজত কাটালিন কাৰিকো আৰু ড্ৰিউ ৱেইজমেনৰ আৱিষ্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

১৯৫৫ চনৰ ১৭ জানুৱাৰীত হাংগেৰীৰ শ্বলনকত জন্মগ্ৰহণ কৰা কাটালিন কাৰিকো আৰু ৰোগ প্রতিৰোধ ক্ষমতা বিশেষজ্ঞ ড্ৰিউ ৱেইজমেনে।

মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে mRNA কেনেদৰে ক্ৰিয়া কৰে সেই বিষয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত লাভ কৰে গুৰুত্বপূৰ্ণ তথ্য । কোভিড মহামাৰীৰ সময়ত আমেৰিকাৰ চিকিৎসা বিজ্ঞানী ড্ৰিউ ৱেইজমেন আৰু কাটালিন কাৰিকোৰ আৱিস্কাৰে অতি কম সময়ৰ ভিতৰত কোভিড ভেকচিন প্রস্তুত কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছিল । মানৱ স্বাস্থ্যৰ প্ৰতি যি সময়ত ক’ভিড ১৯ এ ভাবুকি কঢ়িয়াই আনিছল সেই সময়ত এই দুগৰাকী বিজ্ঞানীয়ে কভিড প্রতিষেধকৰ বিকাশৰ কৰাৰ বাবে অভুতপূৰ্ব অৰিহনা আগবঢ়াইছিল। সমাজলৈ আগবঢ়োৱা এই অৱদানৰ বাবে দুয়োগৰাকী বিজ্ঞানীলৈ চুইডিছ নোবেল বঁটা সমিতিয়ে ২০২৩ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।

Comments (0)
Add Comment