এটি অভিশপ্ত অন্ধকাৰ নিশা । বাহিৰত মুষলধাৰ বৰষুণ । সেইদিনা ডা: অডভেইথৰ জন্মদিন ।জন্মদিন উপলক্ষে কেইজনমান বন্ধুৰ সৈতে অডভেইথে আয়োজন কৰিলে জন্মদিনৰ পাৰ্টি । জন্মদিনৰ পাৰ্টি শেষ কৰি শনিবাৰৰ সেই দুৰ্যোগপূৰ্ণ নিশা দুই চিকিৎসক ডা:অডভেইথ, ডা: আজমল সহ আন তিনিগৰাকী ব্যক্তি এখন হোণ্ডা চিভিক গাড়ীত ৰাওনা হ’ল নিজ গৃহ অভিমুখে । কেৰালাৰ কোচিৰ পৰা ঘৰলৈ উভতি অহাৰ পথত ধাৰাশাৰ বৰষুণ আৰু মাজে মাজে বিজুলিৰ চমক । বৰষুণৰ বাবে নিৰ্দিষ্ট পথ বিচাৰি সমস্যাৰ সন্মুখীন হোৱাত ডাক্তৰ অডভেইথে অন কৰি ল’লে গাড়ীত থকা GPS । GPS ৰ পথ নিৰ্দেশনা অনুসৰণ কৰি গাড়ী আগবাঢ়িল গন্তব্য স্থান অভিমুখে । কিছু দুৰ পথ অতিক্রম কৰাৰ পাছতেই পথৰ চৌদিশে কেৱল পানী আৰু পানী ।
সেইসময়ত GPS ৰ মেপত পথ নিৰ্দেশনা দেখুৱালে পোনে পোনে আগবাঢ়িবলৈ । GPS ৰ নিৰ্দেশনা অনুসৰণ কৰি পুনৰবাৰ গাড়ী আগবাঢ়িল সন্মুখলৈ । GPS এ দেখুওৱা সেই নিৰ্দেশনা আছিল অতিকৈ ভয়ংকৰ। কিছু দুৰ আগবাঢ়ি যোৱাৰ পাছতেই মুহুৰ্ততে সকলো শেষ হৈ গৈছিল । প্রচণ্ড সোঁতত উটি গৈছিল হোণ্ডা চিভিক গাড়ীখন । GPS দেখুওৱা সেই নিৰ্দেশনা ভুল আছিল সেয়া পথ নাছিল সেয়া আছিল প্রবল সোঁতেৰে বৈ যোৱা এখন নৈ । পথ বুলি আগবাঢ়ি যোৱা গাড়ীখন সোমাই পৰিছিল নৈ খনত ।শনিবাৰে নিশা চাৰে ১২ বজাত সংঘটিত এই দুৰ্ঘটনাত শোকাবহ ভাবে মৃত্যু হ’ল দুই যুৱ চিকিৎসক ডা: অডভেইথ আৰু ডাঃ আজমল আচিফৰ ।
শনিবাৰে ২৯ সংখ্যক জন্মদিন পালন কৰি ঘৰলৈ উভতি অহাৰ পথত GPS ৰ ভুল নিৰ্দেশনাত ফলত অকাল মৃ্ত্যু হ’ল ডা: অডভেইথ আৰু অডভেইথৰ চিকিৎসক বন্ধু আজমলৰ । এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতো জীৱন ৰক্ষা পৰিল আন দুগৰাকী চিকিৎসক আৰু এগৰাকী চিকিৎসা কৰ্মীৰ । আহত তিনিওজনেই বৰ্তমান চিকিৎসাধীন কোচিৰ চিকিৎসালয়ত । আহত তিনিওজনেই GPS ৰ ভুল নিৰ্দেশনাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা সদৰী কৰিছে ।