আলফা (স্বাঃ)ৰ শিবিৰত চাঞ্চল্যকৰ ঘটনা : দুজন কেডাৰক মৃত্যুদণ্ড…

আলফা (স্বাঃ)ৰ ম্যানমাৰস্থিত শিবিৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, দুজন কেডাৰক সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰা হৈছে।

মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা সদস্য দুজনৰ ভিতৰত আছে এগৰাকী মহিলা।

চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ১৯৯১ চনতে সংগঠনটোত যোগ দিয়া শীৰ্ষ নেতা লাচিত হাজৰিকা ওৰফে চেলিম আলী আৰু বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াক মৃত্যুদণ্ড বিহিছে পৰেশ বাহিনীয়ে।

আলফা (স্বাঃ)ৰ আদালতত দুয়োগৰাকী কেডাৰ দোষী সাব্যস্ত হোৱাত তেওঁলোকক মৃত্যুদণ্ড প্ৰদান কৰা হয়।

উল্লেখ্য যে, বিহপুৰীয়াৰ সন্তান লাচিত হাজৰিকা ওৰফে চেলিমৰ মৃত্যুদণ্ডৰ খবৰৰ পিছতেই লাচিতৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে। পৰিয়ালৰ লোকে লাচিতৰ মৃতদেহ বিচাৰি আলফাক কাতৰ আহ্বান জনাইছে।

মৃত্যুদণ্ড বিহাৰ খবৰ পোৱাৰ পিছতেই অসমীয়া যুৱকৰ তেজেৰে ফাকু নেখেলিবলৈ সংগঠনটোক আহ্বান জনাইছে লাচিতৰ পৰিয়ালৰ লোকে।

ইফালে, মৃত্যুদণ্ড বিহা আনগৰাকী কেডাৰ বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, আলফা (স্বাঃ)ৰ শিবিৰত সংগঠনটোৰ কোনো কেডাৰ বা সদস্যক মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰা এয়াই প্ৰথম ঘটনা নহয়। সংগঠনটোৱে ইয়াৰ পূৰ্বেও বহু সদস্যক মৃত্যুদণ্ড প্ৰদান কৰিছে।

Comments (0)
Add Comment