অসমৰ লগতে দেশবাসীক পুনৰ গৌৰৱান্বিত কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ বক্সিঙত ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই।
মহিলাৰ বক্সিঙত ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলীনাই ছেমি ফাইনেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই দেশৰ হৈ স্বৰ্ণ অথবা ৰূপৰ পদক পোৱাটো নিশ্চিত হৈ পৰিল।
থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বী বাইছন মণিকণক পৰাস্ত কৰি এই কৃতিত্ব গঢ়ে লাভলীনাই।
এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে অসম কন্যাগৰাকীয়ে।
উল্লেখ্য যে, চলিত বছৰতে অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা লাভলীনাই ইয়াৰ পূৰ্বে দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভ কৰিছিল ব্ৰঞ্জৰ পদক।
বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ, অলিম্পিক পদকৰ লগতে এছিয়ান গেমছতো পদক নিশ্চিত হ’ল লাভলীনাৰ।
জানিব পৰা অনুসৰি, বুধবাৰ অৰ্থাত কাইলৈ দুপৰীয়া ১.১৫ মিনিটত স্বৰ্ণ পদকৰ বাবে বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই।