মহাৰাষ্ট্ৰৰ বুলধনা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ দাঁতিত শুই থকা শ্ৰমিকক এখন ট্ৰাকে মহতিয়াই নিয়াত ৫জনৰ মৃত্যু হোৱাৰ উপৰি ২১ জন লোক আহত হৈছে।
ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলত ট্ৰাকখন এৰি পলায়ন কৰে চালকজন।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত সকলক হাস্পতালত ভৰ্তি কৰোৱায়।
সোমবাৰে পুৱা প্ৰায় ৫:৩০ বজাত মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। আটাইকেইজন শ্ৰমিক মধ্যপ্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বিগত এসপ্তাহ ধৰি ৰাষ্ট্ৰীয় ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কাম কৰি আছিল শ্ৰমিক কেইজনে।
দুৰ্ঘটনাত তিনিজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু ঘটে। আহত আটাইকেইজন শ্ৰমিক মলকাপুৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।