কেন্দ্ৰীয় কেবিনেটৰ ডাঙৰ সিদ্ধান্ত । পুনৰ দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ । উজ্বলা আঁচনিৰ চিলিণ্ডাৰৰ হিতাধিকাৰীয়ে প্রতিটো চিলিণ্ডাৰত লাভ কৰিব ৫০০টকাৰ ৰাজসাহায্য। পুনৰ কেন্দ্ৰীয় কেবিনেটে উজ্বলা আঁচনিৰ চিলিণ্ডাৰত ১০০ টকা দাম কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা বুধবাৰে সংবাদ মেলৰ জৰিয়তে সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু জি কিষাণ ৰেড্ডীয়ে।
উল্লেখযগ্য যে, ৰক্ষা বন্ধনৰ দিনটোত উজ্জ্বলা আঁচনিৰ অধীনৰ মহিলাসকলৰ ৰাজসাহায্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় কেবিনেটে । সেই সময়ত উজ্জলা আঁচনীৰ অধীনত ২০০ টকা ৰাজসাহায্য লাভ কৰিছিল উজ্জলা আঁচনিৰ হিতাধিকাৰীয়ে । এতিয়া এই ৰাজসাহায্য ৩০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেটে ।এই আঁচনিৰ অধীনত দেশৰ ১০ কোটি ৭৫ লাখ মহিলাই ৬০০ টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ।