দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰে।
ইডিয়ে সঞ্জয় সিঙৰ বাসগৃহত আজি পুৱাৰে পৰা ১০ ঘণ্টাৰো অধিক সময় চলা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে।
ইয়াৰ পূৰ্বে একেটা গোচৰতে আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ ঘনিষ্ঠ আন একাংশ লোকৰ বাসগৃহতো তালাচী চলোৱা হৈছিল।
আজি পুৱা ৭ বজাৰ পৰা সঞ্জয় সিঙৰ দিল্লীস্থ ঘৰত অভিযান চলাইছিল ইডিয়ে। ইয়াৰ পৰা বহু নথি-পত্ৰ জব্দ কৰে সংস্থাটোৱে।
উল্লেখ্য যে আবকাৰী নীতি গোচৰৰ চাৰ্জ শ্বীটতো সঞ্জয় সিঙৰ নাম আছে আৰু এই ক্ষেত্ৰত ২০২৩ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা জেলত আছে আপৰ আন এজন শীৰ্ষ নেতা মনীষ ছিছ’দিয়া।
ইডিৰ চাৰ্জ শ্বীটত সঞ্জয় সিঙে লাখ লাখ টকাৰ চান্দা লোৱাৰ অভিযোগ উত্থাপন হৈছে।