অভিনেতা ৰণবীৰ কাপুৰলৈ চমন প্ৰেৰণ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে। মহাদেৱ গেমিং এপ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে ইডিয়ে প্ৰেৰণ কৰিছে এই চমন।
অভিনেতাজনক অহা ৬ অক্টোবৰত ইডি কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
মহাদেৱ গেমিং এপক সমৰ্থন কৰা ৰণবীৰ কাপুৰে এপটোৰ গৰাকাৰী পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, বৰ্তমান ইডিয়ে ৫ হাজাৰ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত ডুবাইৰ পৰা অনলাইন বেটিং এপ চলোৱা সৌৰভ চন্দ্ৰকাৰ আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ৰবি উপ্পলৰ বিৰুদ্ধে তদন্ত চলাই আছে।
প্ৰতিবেদন অনুসৰি, মহাদেৱ অনলাইন গেমিং এপ গোচৰৰ অভিযুক্ত সৌৰভ চন্দ্ৰকাৰৰ বিয়াত অংশ লৈছিল ৰণবীৰ কাপুৰে। ডুবাইত অনুষ্ঠিত এই বিয়াত সৌৰভে ২০০ কোটি টকা খৰচ কৰিছিল। এই উপলক্ষে বহু চেলিব্ৰেটিয়েও অনুষ্ঠান পৰিৱেশন কৰিছিল।
হাৱালাৰ জৰিয়তে চেলিব্ৰেটিসকলক ধন দিয়াৰ অভিযোগ উত্থাপন হৈছে সৌৰভৰ বিৰুদ্ধে। তদুপৰি ইডিয়ে অনলাইন গেমৰ বিজ্ঞাপনৰ জৰিয়তে লাভ কৰা পুঁজিৰো তদন্ত কৰিব।
উল্লেখ্য যে, মহাদেৱ অনলাইন এপৰ কল চেণ্টাৰসমূহ শ্ৰীলংকা, নেপাল আৰু ইউ এ ইত আছে। মহাদেৱ এপৰ প্ৰতিষ্ঠাপকে ইউ এ ইৰ পৰা এনেধৰণৰ ৪-৫টা এপ চলাই আছে। এই এপ কেইটাৰ পৰা প্ৰতিদিনে প্ৰায় ২০০ কোটি টকা উপাৰ্জন কৰি আছে।
বিগত মাহত বিত্তীয় জালিয়াতিৰ তদন্ত কৰা তদন্তকাৰী সংস্থাটোৱে অনলাইন বেটিঙৰ গোচৰত ৪১৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল।