হিংসাজৰ্জৰ জম্মু-কাশ্মীৰৰ পৰা পুনৰ আহিছে সংঘৰ্ষৰ খবৰ। নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ গ’ল দুজনকৈ দুৰ্ঘৰ্ষ সন্ত্ৰাসবাদীৰ। কুলগাম জিলাত সংঘটিত হৈছে এই ঘটনা।
নিৰাপত্তাৰক্ষীয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত বুধবাৰে (৪ অক্টোবৰ) কুলগামৰ কুজ্জাৰ অঞ্চলত চলোৱা অভিযানৰ সময়ত উগ্ৰপন্থীৰে ভয়ংকৰ সংঘৰ্ষ হয়।
সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয়। সন্ত্ৰাসবাদী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও নিৰাপত্তাৰক্ষীৰ দলে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাই আছে।
অঞ্চলটোত আৰু কেইজনমান উগ্ৰপন্থী লুকুৱাই আছে বুলি সন্দেহ প্ৰকাশ কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাৰক্ষীয়ে।
কাশ্মীৰ জ’ন আৰক্ষীয়ে প্ৰায় চাৰি ঘণ্টা পূৰ্বে ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্টযোগে কৈছিল, ‘কুলগামৰ কুজ্জাৰ অঞ্চলত সংঘটিত হৈছে এক এনকাউণ্টাৰ। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিজৰ কাম কৰি আছে।‘