বিশ্বকাপ অভিযানৰ পূৰ্বে ভাৰতীয় শিবিৰৰ বাবে ভাল খবৰ ।

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিব বিশ্বকাপ অভিযান । এদিনীয়া ক্ৰিকেটত বিশ্বৰ এক নম্বৰ দল হিচাপে ভাৰতে বিশ্বকাপ দখলৰ লক্ষ্যৰে ২২ গজৰ যুঁজত নামিব ।

বৃহস্পতিবাৰে অৰ্থাৎ আজিৰে পৰা আৰম্ভ হবলগীয়া এদিনীয়া বিশ্বকাপৰ প্ৰথমখন খেল ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত আহমেদাবাদত অনুষ্ঠিত হ’ব। ভাৰতৰ প্ৰথমখন খেল দেওবাৰে আৰম্ভ হব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। আই চি চি য়ে প্রকাশ কৰা এক তথ্যই ভাৰতে বিশ্বকাপ অভিযান আৰম্ভ কৰাৰ পূৰ্বে ভাৰতীয় দলটোক উৎসাহিত কৰি তুলিছে।
এইবাৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব লগীয়া ভাৰতীয় দলটোত আছে, বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন আৰু বলাৰ

আইচিচি য়ে প্ৰকাশ কৰা এই তথ্যই বিশ্বকাপ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে আত্মবিশ্বাসী কৰি তুলিছে টিম ইণ্ডিয়াক ।
এদিনীয়া ক্ৰিকেটত আইচিচিৰ নতুন বলাৰৰ তালিকাত মহম্মদ চিৰাজে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। মহম্মদ চিৰাজৰ বৰ্তমানৰ ৰেটিং ৬৬৯। এই তালিকাৰ শীৰ্ষ ১০ত আন কোনো ভাৰতীয় খেলুৱৈৰ নাম নায়।

পাকিস্তানৰ অধিনায়ক বাবৰ আজমে বেটছমেনৰ ৰেংকিঙত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। ভাৰতীয় খেলুৱৈ শুভমান গিল আছে দ্বিতীয় স্থানত। শুভমন গিলৰ ৰেটিং পইণ্ট ৮৩৯ । বেটছমেনৰ তালিকাত শীৰ্ষ ১০ত তিনিজন ভাৰতীয় আছে। বিৰাট কোহলী নৱম স্থানত আৰু ৰোহিত শৰ্মা দশম স্থানত আছে। ভাৰতৰ দৰে দক্ষিণ আফ্ৰিকাতো শীৰ্ষ ১০ জনৰ ভিতৰত তিনিজন বেটছমেন আছে।

এদিনীয়া ক্ৰিকেটত অলৰাউণ্ডাৰৰ ৰেংকিঙত বাংলাদেশৰ অধিনায়ক চাকিব আল হাছানে শীৰ্ষ স্থান দখল কৰিছে। চাকিব আল হাছানৰ ৰেটিং পইণ্ট ৩৪৯। হাৰ্ডিক পাণ্ডিয়া এই তালিকাৰ সপ্তম স্থানত আছে।

Comments (0)
Add Comment