ছিকিমত প্ৰকৃতিৰ ধ্বংসলীলা; ১৪ জন লোকৰ মৃত্যু, এতিয়াও সন্ধানহীন ১০২ জন

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ছিকিমত এই পৰ্যন্ত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে ১০২ গৰাকী লোক।

সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত আছে ২২জন সেনা জোৱান। ইযাৰে এজন সেনা জোৱান অসমৰ বুলি জানিব পৰা গৈছে।

ডাৱৰ বিস্ফোৰণৰ ফলত সংঘটিত এই ভয়ংকৰ দুৰ্যোগত প্ৰায় ২০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

উল্লেখ্য যে, ছিকিমত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদী ফেনেফোটোকাৰে উপচি পৰে। নদীৰ বাঢ়নী পানীত কেইবাখনো সেনাৰ বাহন, কেইবাটাও সেনাৰ শিবিৰ বুৰ যোৱাৰ লগতে বিভিন্ন বাট পথ ঘৰ আদি খহাই নিয়াও পৰিলক্ষিত হৈছে।

ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে চলি আছে উদ্ধাৰ অভিযান।

ছিকিমৰ চুংথামত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ প্রভাৱ পেলাইছে সমগ্ৰ অঞ্চলটোত। প্ৰশাসনৰ শেহতীয়া তথ্য মতে, সিংথামত তিস্তা নদীৰ ওপৰত থকা এখন ফুটব্ৰীজো খহি পৰিছে।

Comments (0)
Add Comment