বাঢ়নী পানীত উটি অহা মৰ্টাৰ শ্বেল বিস্ফোৰণ ঘটি দুজনৰ মৃত্যু, কেইবাজনো আহত

ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰা তিস্তা নদীৰ বাঢ়নী পানীয়ে পশ্চিমবংগৰ জলপাইগুৰি জিলাতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

তীস্তা নদীৰ বাঢ়নী পানীত উটি অহা এটা মৰ্টাৰ শ্বেল বিস্ফোৰণ হোৱাৰ ফলত দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক আহত হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

আৰক্ষীৰ মতে, এই মৰ্টাৰ শ্বেলটো সেনাবাহিনীৰ আৰু ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ পিছত পাহাৰৰ পৰা নামি আহিছিল।

জলপাইগুৰিত সংঘটিত এই বিস্ফোৰণত মৃত্যু হোৱা লোকসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জনায়।

ঘটনা সম্পৰ্কত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, ‘আহত চাৰিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।‘

স্থানীয় আৰক্ষী সূত্ৰই আশংকা কৰা অনুসৰি, বানপানীৰ বাঢ়নী পানীত উটি অহা মৰ্টাৰ শ্বেলটো চুই চোৱাৰ চেষ্টা কৰাৰ পিছতেই বিস্ফোৰণটো সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, ‘আঘাতপ্ৰাপ্ত লোক কেইজনৰ দুজনৰ অৱস্থা অতি সংকটজনক আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।‘

Comments (0)
Add Comment