ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে পশ্চিমীয়া দেশ সমূহকো সকীয়াই দিয়ে পুটিনে । এই সন্দৰ্ভত পুটিনে কয় যে, দুয়োখন দেশৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা সকল কেতিয়াও সফল হ’ব নোৱাৰে । ভাৰত চৰকাৰে দেশৰ নাগৰিক সকলৰ স্বাৰ্থত কাম কৰি আছে । মস্কো আৰু নতুন দিল্লীৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচৰা পশ্চিমীয়া দেশৰ প্রচেষ্টা সফল হ’বলৈ নিদিয়ে বুলিও স্পষ্টকৈ উল্লেখ কৰে পুটিনে । ইয়াৰ উপৰিও পুটিনে কয় যে, পশ্চিমীয়া দেশ সমূহে নিজৰ মতৰ সৈতে একমত নোহোৱা প্রতিগৰাকী ব্যক্তিকে শত্রু বুলি গণ্য কৰে । এনে পৰিস্থিতিত সকলোৰে বিপদ বাঢ়ে । ভাৰতো এনে পৰিস্থিতিত বিপদত পৰে । কিন্তু ভাৰতৰ নেতৃত্বই নিজ জাতিৰ স্বাৰ্থ আগত ৰাখে । ভাৰতক ৰাছিয়াৰ পৰা আঁতৰাই ৰখা প্রচেষ্টা অসাৰ । ভাৰত এখন স্বাধীন দেশ । যি সময়ত পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি থোৱাৰ সময়তে ভাৰতে ৰাছিয়াৰ পৰা ৰেহায় মূল্যত খাৰুৱা তেল ক্রয় কৰিছে । ভাৰতক এনে কাৰ্যৰ বাবে বিভিন্ন সময়ত সমালোচনা কৰিছে পশ্চিমীয়া দেশ সমূহে । ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পাছত আমেৰিকা আৰু ইউৰোপীয়ান সংঘই ৰাছিয়াৰ পৰা তেল ক্রয় কৰা নাছিল ।
ইয়াৰ উপৰিও ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক মুকলিকৈ প্রশংসা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে । মোডীৰ নেতৃত্বত ভাৰত শক্তিশালী হৈ উঠিছে । ৰাছিয়াৰ দৰে ভাৰতৰ সীমা নাই, ভাৰতে বিশ্বৰ সকলো স্থানতে নাম উজলাবলৈ সক্ষম হৈছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দুখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্রতিনিধিত্বৰ বাবে যোগ্য বুলি উল্লেখ কৰে । ৰাজনৈতিক বিক্ষোভৰ সন্মুখীন হবলৈ ইচ্ছা নথকাৰ বাবে পুটিন ভাৰতত অনুষ্ঠিত G20 সন্মিলনত উপস্থিত নাছিল বুলি উল্লেখ কৰে ।