সেনা শিবিৰত ভয়ংকৰ গুলীচালনা; ৩ সেনা বিষয়াসহ ৫ গৰাকী আহত

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰৰ ভিতৰত এজন বিষয়াই সহকৰ্মীৰ ওপৰত গুলীচালনা কৰাৰ লগতে গ্ৰেনেড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাত ৩ জন বিষয়াসহ কমেও ৫ জন সেনা জোৱান আহত হয়। পিছত আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে আক্ৰমণ কৰা অভিযুক্ত বিষয়াজনকো বল প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰা হৈছে।

জানিব পৰা অনুসৰি, বৃহস্পতিবাৰে অভিযুক্ত বিষয়াজনে কোনো কাৰণ নোহোৱাকৈয়ে সহকৰ্মীসকলৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ পলাই গৈ শিবিৰৰ অস্ত্ৰভাণ্ডাৰত লুকাই আছিল।

লগে লগে কামাণ্ডিং অফিচাৰজনে তেওঁৰ আন সহযোগীসকলৰ সৈতে অভিযুক্ত বিষয়াজনক আত্মসমৰ্পণ কৰিবলৈ অনুৰোধ জনাবলৈ যোৱাত তেতিয়া তেওঁ গ্ৰেনেড নিক্ষেপ কৰে।

অভিযুক্তক বুজাবলৈ যোৱা তিনিজন বিষয়া গ্ৰেনেড বিস্ফোৰণত আহত হয়। ইউনিটটোৰ ছেকেণ্ড ইন কমাণ্ডৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই গুলীচালনাত বিষয়াসকলৰ উপৰি দুজন জোৱান আহত হয়। প্ৰায় ৮ ঘণ্টাৰ অন্তত অভিযুক্ত বিষয়াজনক অস্ত্ৰভাণ্ডাৰৰ ভিতৰত নিয়ন্ত্ৰণ কৰা হয়।

জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰাজৌৰী জিলাৰ থানামণ্ডীৰ সমীপৰ নীলী চৌকীত।

ঘটনা সংঘটিত হোৱাৰ লগে লগে সুৰক্ষাৰ স্বাৰ্থত সেনাই অস্ত্ৰভাণ্ডাৰৰ সমীপৰ এখন গাঁও খালী কৰি দিয়ে।

Comments (0)
Add Comment