বহু প্ৰতীক্ষাৰ অন্তত ৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে এদিনীয়া বিশ্বকাপ। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান। দেওবাৰে চেন্নাইত অনুষ্ঠিত হ’ব এই মেচখন।
মেচখনৰ পূৰ্বে ভাৰতীয় অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ। প্ৰতিভাবান অপেনিং বেটাৰ শুভমন গিল ডেংগুত আক্ৰান্ত হৈছে। অসুস্থতাৰ বাবে অনুশীলনত অংশ ল’ব পৰা নাই।
গিলৰ অসুস্থতাৰ বাবে সংকটত পৰিছে ভাৰতীয় মেনেজমেণ্ট। যদি শুভমন সম্পূৰ্ণৰূপে সুস্থ নহয় তেন্তে কে এল ৰাহুল নাইবা ঈশান কিষানৰ যিকোনো এজনক অপেনিং কৰাৰ সুযোগ পাব।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত শুভমন খেলিব নোৱাৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে।
শুভমনৰ অনুপস্থিতিত অভিজ্ঞতাৰ ভিত্তিত কে এল ৰাহুলক ৰোহিত শৰ্মাৰ লগত অপেনিং কৰাৰ সুযোগ দিব পাৰে।
কে এল ৰাহুলে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত অ’পেনিং কৰি তিনিটা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰিছে। অপেনিঙত তেওঁ ১৬খন মেচত ৬৬৯ ৰান সংগ্ৰহ কৰিছে।