আৰম্ভ আন এখন যুদ্ধ! ৫০০০ ৰকেটেৰে ইজৰাইলত আক্ৰমণ হামাছৰ

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ পৰিস্থিতি পুনৰ অধিক ভয়াৱহ হৈ পৰিছে। দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা আৰু সংঘাতৰ মাজতে ৭ অক্টোবৰ অৰ্থাত শনিবাৰে পুৱাই হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়।

হামাছৰ সন্ত্ৰাসবাদীয়ে প্ৰথম অৱস্থাত ইজৰাইলৰ ওপৰত হাজাৰ হাজাৰ ৰকেট নিক্ষেপ কৰে আৰু তাৰ পিছত স্থলপথেৰে অবিৰতভাৱে আক্ৰমণ কৰি ইজৰাইলত প্ৰৱেশ কৰে।

জানিব পৰা অনুসৰি, সীমান্তত প্ৰৱেশ কৰিবলৈ পেৰাগ্লাইডাৰো ব্যৱহাৰ কৰিছিল সন্ত্ৰাসবাদীয়ে। স্থলপথেৰে প্ৰৱেশ কৰা একাংশ সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে সাধাৰণ লোকক গুলীয়াই হত্যা কৰা বুলিও জানিব পৰা গৈছে।

এইদৰে হঠাৎ আক্ৰমণ চলোৱাৰ পিছত ইজৰাইল চৰকাৰে দেশখনত ৰেড এলাৰ্ট জাৰি কৰিছে। তদুপৰি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে লগে লগে জৰুৰী বৈঠক আহ্বান কৰি যুদ্ধ ঘোষণা কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইললৈ ৫ হাজাৰৰো অধিক ৰকেট নিক্ষেপ কৰিছে। পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে গাজা ষ্ট্ৰিপৰ পথেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি ইয়াৰ সীমান্তত প্ৰৱেশ কৰে।

ৰকেট আক্ৰমণৰ লগে লগে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী টেল আভিভৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। দেশৰ সকলো নাগৰিককে সতৰ্ক কৰি ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে।

হামাছৰ এই আক্ৰমণৰ পিছত সংবাদ মাধ্যমৰ আগত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এটা ভিডিঅ’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘আজি পুৱা হামাছৰ সন্ত্ৰাসবাদীয়ে গুৰুতৰ ভুল কৰি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। আমাৰ সৈন্যই শত্ৰুৰ সৈতে যুঁজ দি আছে। ইজৰাইলৰ সকলো নাগৰিককে সুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছো। ইজৰাইল জয়ী হ’ব এই যুদ্ধত।‘

ইফালে এই আক্ৰমণৰ পিছত আমেৰিকাই দুয়োখন দেশৰ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে বুলি মন্তব্য কৰে।

Comments (0)
Add Comment