লখিমপুৰ জিলাৰ লালুকত মন্ত্ৰী সঞ্জয় কিষাণৰ বাহন আৰু এখন বাইকৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। দুৰ্ঘটনাটোত বাইক আৰোহী যুৱকজন গুৰুতৰভাৱে আহত হয়।
লালুকৰ দৈনিক বজাৰত বাইক আৰু মন্ত্ৰীৰ বাহনৰ মাজত এই দুৰ্ঘটনাটো ঘটে। সংঘৰ্ষৰ ফলত মন্ত্ৰীৰ বাহনখন কিছু পৰিমানে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
লখিমপুৰৰ পৰা বিহপুৰীয়া অভিমুখে আহি থকা অৱস্থাত বাইকখনৰ লগত দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ গুৰুতৰভাৱে আহত হোৱা বাইক আৰোহীগৰাকীক লালুক আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
এতিয়ালৈকে আঘাতপ্ৰাপ্ত বাইক আৰোহীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।