ভগৱানৰূপী চিকিৎসক । পুনৰ জীৱন লাভ তিনিবছৰীয়া শিশুৰ । ISHAN NEWS…

এগৰাকী চিকিৎসক বহু ৰোগীৰ বাবে হৈ উঠে ভগৱানৰ দৰে। শেহতীয়াকৈ, ফ্লৰিডাৰ এগৰাকী ভগৱানৰূপী চিকিৎসকৰ কাহিনীয়ে সকলোৰে হৃদয় স্পৰ্শ কৰিছে।

অলপতে ফ্লৰিডাৰ শিশুৰোগ বিশেষজ্ঞ আলী আলচামাৰাই এটি কেঁচুৱাক দান কৰে অস্থি মজ্জা । চিকিৎসক গৰাকীয়ে এটি শিশুৰ বাবে জৰুৰীভাবে অস্থি মজ্জা প্রয়োজনৰ খবৰ লাভ কৰাৰ পাছতে চিকিৎসকে গৰাকীয়ে অস্থিমজ্জা দান কৰাৰ প্রয়োজনীয় পৰীক্ষা আৰম্ভ কৰে। শিশুটিৰ অস্থি মজ্জা আৰু চিকিৎসক গৰাকীৰ অস্থি মজ্জা পৰীক্ষাৰ অন্তত শিশুটিক চিকিৎসক গৰাকীয়ে অস্থি মজ্জা দান কৰিব পাৰিব বুলি জনায় । অস্থি মজ্জা ফলাফলৰ প্রতিবেদন অহাৰ পাছতে চিকিৎসক গৰাকী সাজু হয় শিশুটিক অস্থি মজ্জা দান কৰিবলৈ ।

বিশেষ চিন্তা নকৰাকৈয়ে, ফ্ল’ৰিডাৰ চিকিৎসক আলী আলচামাৰাই তিনি বছৰীয়া শিশুটিক অস্থি মজ্জা দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।


লিউকেমিয়াত আক্ৰান্ত শিশুটিক সময় মতে অস্থি মজ্জা সংৰোপণ নকৰাহলে শিশুটি জীয়াই নাথাকিলহেঁতেন। অস্থি মজ্জা দান কৰাৰ পাছত চিকিৎসক গৰাকীয়ে কয়, “মই এই কাম কৰাৰ পাছত, যদি অস্থি মজ্জাৰ দাতাৰ সংখ্যা সামান্য বৃদ্ধি হয়, তেন্তে মই সফল। হাড়ৰ মজ্জাৰ অভাৱত বহুতো শিশুৰ অকালতে মৃত্যু হয়। আমাৰ ক্ষুদ্ৰ প্ৰচেষ্টাই বহুলোকৰ জীৱন ৰক্ষা কৰিব পাৰে। মানুহে এই জীৱন ৰক্ষাকাৰী চিকিৎসাবোৰৰ বিষয়ে অধিক সজাগ হোৱা প্ৰয়োজন।

গুডনিউজ মুভমেণ্ট নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা এই কথা খিনি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে চিকিৎসক গৰাকীৰ সজ প্রচেষ্টাক সকলোৱে একমুখে প্রশংসা কৰিছে।

Comments (0)
Add Comment