কৰ্ণাটকত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। শনিবাৰে নিশা ৰাজ্যখনৰ আট্টিবেলে নামৰ অঞ্চলৰ এখন ফটকাৰ দোকানত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ১৪ জন লোকৰ মৃত্যু ঘটিছে।
নিশা হোৱা অগ্নিকাণ্ডত লগে লগে ১২জন লোকৰ মৃত্যু ঘটনাৰ বিপৰীতে আজি পুৱা চিকিৎসাৰ সময়ত আন দুজন লোকৰ মৃত্যু হয়।
এই মৰ্মান্তিক ঘটনাৰ পিছতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ঘটনাস্থল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিহতসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
আৰক্ষীৰ মতে, মৃত লোকসকলৰ ভিতৰৰ অধিকাংশই ফটকা দোকানত কাম কৰা কৰ্মচাৰী। মৃত লোকসকলৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই।
শীৰ্ষ আৰক্ষী বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি, ‘যি সময়ত এই অগ্নিকাণ্ড সংঘটিত হৈছিল, সেই সময়ত একাংশ কৰ্মচাৰীয়ে দোকানৰ ভিতৰত কাম কৰি আছিল। ৯ খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে।’
আৰক্ষীৰ তথ্য অনুসৰি নৱৰাত্ৰি আৰু দীপাৱলীৰ পৰিপ্ৰেক্ষিতত দোকানত বহু লাখ টকাৰ ফটকা মজুত কৰি ৰখা হৈছিল আৰু সেই ফটকাত জুই লগাৰ ফলত ভয়ংকৰ বিস্ফোৰণ ঘটে।
বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডৰ বাবে দোকানখনৰ আশে পাশে ৰখাই থোৱা বহু বাহন জ্বলি ছাই হৈ যায়।
তামিলনাডু সীমান্তৰ পৰা কিছু দূৰৈত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি, নিহতসকলৰ অধিকাংশই তামিলনাডুৰ ধৰ্মপুৰী, তিৰুপট্টুৰ আৰু কল্লাকুৰিচি জিলাৰ।
আৰক্ষীয়ে জনোৱা অনুসৰি, আহতসকলৰ ভিতৰত দোকানৰ মালিকো আছে।
ইফালে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাত দুখ প্ৰকাশ কৰি গুৰুতৰভাৱে আহতসকলক এক লাখ টকাকৈ আৰু সামান্য পৰিমানে আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।