ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এয়াৰ ইণ্ডিয়াই ইজৰাইলৰ পৰা বিমান সেৱা বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে আমাৰ যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষাৰ বাবে ইজৰাইলৰ টেল আভিভৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান ১৪ অক্টোবৰলৈকে বন্ধ থাকিব।
এই সময়ছোৱাত নিশ্চিত বুকিং কৰা সকলো লোককে সম্ভৱপৰ সহায় আগবঢ়োৱা হ’ব। এয়াৰ ইণ্ডিয়াই প্ৰতি সপ্তাহত টেল আভিভলৈ ৫খন বিমান চলায়।
ইয়াৰ পূৰ্বে শনিবাৰেও নতুন দিল্লীৰ পৰা টেল আভিভলৈ বিমান এআই ১৩৯ আৰু বিমান এআই ১৪০ বাতিল কৰা হয়।
৭ অক্টোবৰ অৰ্তাত শনিবাৰে হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰে। তেতিয়াৰ পৰা দুয়োপক্ষৰ মাজত যুদ্ধ অব্যাহত আছে। এই যুদ্ধত এতিয়ালৈকে ইজৰাইলত প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৫৯০ জন লোক আহত হৈছে।
একে সময়তে গাজাতো ২৩২ জন লোকৰ মৃত্যু হয় আৰু ১৭৯০ জন লোক আহত হয়।
গাজাস্থিত পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত ২০টা শিশুকে ধৰি ২৫৬জন পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। ইয়াৰ উপৰি ১৭৮৮ জন পেলেষ্টাইনী লোকো আহত হৈছে।