মহিলাৰ শ্রমৰ বজাৰ, লিংগ বৈষম্যৰ অৰ্থনৈতিক সূত্রৰ বাবে আমেৰিকাৰ ৭৭ বছৰীয়া অধ্যাপিকালৈ অৰ্থনীতিৰ নোবেল ।


হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপিকা ক্লাউডিয়া গ’ল্ডিনলৈ আগবঢ়োৱা হয় ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। মহিলাৰ শ্ৰমৰ বজাৰৰ ফলাফলৰ বিষয়ে বুজাবুজি উন্নত কৰাৰ বাবে, নোবেল বঁটা লাভ কৰে ক্লাউডিয়া গ’ল্ডিনে । গ‘ল্ডিনে কৰ্মক্ষম মহিলাসকলৰ ওপৰত কৰা গৱেষণাত পোহৰলৈ আহিছিল লিংগ বৈষম্যৰ বিভিন্ন তথ্য । এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পাছৰ পৰ্যায়ত দৰমহা আৰু পদবীৰ ক্ষেত্রত লিংগ ব্যৱধান আহে । এইক্ষেত্রত শ্ৰম অৰ্থনীতিৰ গৱেষক ক্লাউডিয়া গ’ল্ডিনে বিস্তৃত ভাবে অধ্যয়ন কৰিছিল । অৰ্থনীতিৰ নোবেল বঁটাৰে সন্মানিত তৃতীয়গৰাকী মহিলা হৈছে ক্লাউডিয়া গ’ল্ডিন।


১৯৪৬ চনৰ ১৪ মে’ত নিঊয়ৰ্কত এটা ইহুদী পৰিয়ালত জন্ম হৈছিল ক্লাউডিয়া গ’ল্ডিনৰ । ১৯৭২ চনত ডক্তৰেট ডিগ্ৰী লাভ কৰা গ’ল্ডিনে ১৯৯০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত যোগদান কৰিছিল । এন বি ই আৰৰ জেণ্ডাৰ ইন দ্য ইকনমি ষ্টাডি গ্ৰুপৰ সহ পৰিচালিকা হিচাপেও কাম কৰিছিল গ’ল্ডিনে । মহিলাৰ কাম আৰু শ্ৰম বজাৰৰ ফলাফল সন্দৰ্ভত বিভিন্ন সূত্র দাঙি ধৰিছে গ’ল্ডিনে ।

Comments (0)
Add Comment