৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা। ISHAN NEWS

৩ ডিচেম্বৰত ৫ ৰাজ্যৰ ভোট গণনা ।


আজি দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে দেশৰ নিৰ্বাচন আয়োগে । ৰাজস্থান, ছত্তীশগড় , মধ্যপ্রদেশ, তেলেংগনা আৰু মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হয় । মিজোৰামত ৭ নৱেম্বৰত, ছত্তীশগড়ত ৭ আৰু ১৭ নৱেম্বৰত , তেলেংগনা ৩০ নৱেম্বৰত , মধ্যপ্রদেশত ১৭ নৱেম্বৰত আৰু ৰাজস্থানত ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন । ৩ ডিচেম্বৰত ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ।


ৰাজস্থানত ২০০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে চট্টীশগড়ত ৯০ খন আসন, তেলেংগনাত ১১৯খন আসন, মিজোৰামত ৪০ খন আসন আৰু মধ্যপ্ৰদেশত ২৩০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। অৰ্থাৎ মুঠ ৬৭৯ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।


মুখ্য নিৰ্বাচন আয়ুক্তৰ মতে, এই ৫ ৰাজ্যত মুঠ ১৬ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৮.৫২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰ।

উল্লেখযোগ্য যে , মিজোৰাম বিধানসভাৰ কাৰ্যকাল ২৩ ডিচেম্বৰত শেষ হ’ব। লগতে বাকী ৪ ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব ২০২৪ চনৰ ১৬ জানুৱাৰীত।


৫ খন ৰাজ্যৰ ভিতৰত ৰাজস্থান আৰু ছত্তীশগড় আছে কংগ্ৰেছৰ চৰকাৰ । মধ্যপ্রদেশত আছে বিজেপিৰ চৰকাৰ, তেলেংগনাত আছে কে চি আৰ নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতি (BRS) আৰু মিজোৰামত আছে মিজো নেচনেল ফ্ৰণ্টৰ চৰকাৰ ।

Comments (0)
Add Comment