পাঠানকোট আক্রমণৰ মাষ্টাৰমাইণ্ড ছাহিদ লটিফক পাকিস্তানত হত্যা

পাঠানকোট আক্রমণৰ মাষ্টাৰমাইণ্ড তথা ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী ছাহিদ লতিফক বুধবাৰে পাকিস্তানত হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই।
২০১৬ বৰ্ষত পাঞ্জাৱৰ পাঠানকোটৰ বায়ুসেনাৰ এয়াৰ বেছত ভয়ংকৰ আক্রমণ চলাইছিল জয়ছ ই মহম্মদে । এই আক্রমণত ভাৰতীয় সেনাৰ ৭ জন জোৱান শ্বহীদ হৈছিল । এন আই এৰ তদন্তত এই ঘটনাৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত হৈছিল ছাহিদ লটিফ ।


এন আই এৰ তদন্ততে পোহৰলৈ আহিছিল পাকিস্তানত সন্ত্রাসবাদীয়ে পাঠানকোটৰ বায়ুসেনাৰ এয়াৰবেছ আক্রমণৰ পৰিকল্পনা কৰাৰ তথ্য ।সন্ত্রাসবাদী সংগঠন জইছ ঈ মহম্মদে এই আক্রমণৰ বাবে ৪ টা আত্মঘাটি বোমাৰুক প্রশিক্ষণ দি প্রেৰণ কৰিছিল ভাৰতলৈ ।
৪৭ বছৰীয়া ছাহিদ লটিফক বুধবাৰেপাকিস্তানত কোনে হত্যা কৰিলে সেইটো এতিয়াও পোহৰলৈ অহা নাই । দুই অচিনাক্ত দুবৃত্তই ছাহিদ লটিফক হত্যা কৰাৰ খবৰ সদৰি কৰিছে পাকিস্তানে।

Comments (0)
Add Comment