হামাছৰ নিঃশেষ নিশ্চিত! ইজৰাইলক সহায় কৰিবলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত বিমান প্ৰেৰণ আমেৰিকাৰ

হামাছৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দি থকা ইজৰাইলক সহায়ৰ বাবে হাত আগবঢ়াইছে আমেৰিকাই। হামাছক সম্পূৰ্ণৰূপে নিঃশেষ কৰিবলৈ মঙলবাৰে গভীৰ নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কেৱল এয়াই নহয়, ইজৰাইলক সহায় কৰিবলৈ আমেৰিকাই নিজৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ-শস্ত্ৰও প্ৰেৰণ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ঘোষণাৰ কেইঘণ্টামানৰ ভিতৰতে গোলাবাৰুদেৰে সজ্জিত এখন বিমান ইজৰাইলত উপস্থিত হোৱাৰ বিপৰীতে পূব ভূমধ্য সাগৰীয় অঞ্চলতো উপস্থিত হৈছে যুদ্ধ জাহাজ।
আমেৰিকাৰ এই সহায়ৰ পিছত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰু অধিক তীব্ৰতৰ তথা ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, পৰিস্থিতি যাতে আৰু অধিক বেয়াৰ ফালে ঢাল নাখাই বা আন কোনোবাই ইয়াৰ সুবিধা গ্ৰহণ কৰি আক্ৰমণ দীঘলীয়া কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিমানবাহী জাহাজ ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ডে নিজৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ সৈতে পূব ভূমধ্যসাগৰত উপস্থিত হৈছে।

ইয়াৰ ভিতৰত আমেৰিকাৰ নৌসেনাৰ বিমানবাহী জাহাজৰ উপৰি যুঁজাৰু আৰু স্পৰ্ট বিমানৰ ৮টা স্কৱাড্ৰন, গাইডেড মিছাইল ক্ৰুজাৰ ইউ এছ এছ নৰ্মাণ্ডী, মিছাইল ডেষ্ট্ৰয়াৰ ইউ এছ এছ থমাছ হাডনাৰ, যুদ্ধ জাহাজ ইউ এছ এছ ৰেমেজ, ইউ এছ এছ কাৰ্নি আৰু ইউ এছ এছ ৰুজভেল্টৰ উপৰি আমেৰিকাৰ বায়ুসেনাৰ এফ-১৫, এফ-১৬ আৰু এ-১০ আদিও এই অঞ্চলত উপস্থিত আছে।

ইফালে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আজি ইজৰাইল ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে। ব্লিংকেনৰ এই ভ্ৰমণে ইজৰাইলৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী কৰি তুলিব।

উল্লেখ্য যে, শনিবাৰে অতৰ্কিতে হামাছে ইজৰাইলত আক্ৰমণ চলোৱাৰ পিছৰে পৰা আৰম্ভ হোৱা এই যুঁদ্ধৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত এইপৰ্যন্ত দুয়োপক্ষৰ অতি কমেও ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে।

Comments (0)
Add Comment