আৰু মাত্র কেইটামান ঘণ্টা । অন্ত পৰিব ক্রিকেট অনুৰাগীৰ অধীৰ অপেক্ষা। কাইলৈ অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হব ভাৰত-পাকিস্তানৰ মাজৰ বিশ্বকাপৰ খেল। ভাৰত পাকিস্তানৰ খেল মানেই যেন এখন অঘোষিত যুদ্ধ । এইখন খেলক লৈ বিশ্বকাপৰ জ্বৰত আক্রান্ত প্রতিগৰাকী ক্রিকেটপ্ৰেমীৰ মাজত ইতিমধ্যেই আৰম্ভ হৈছে উত্তেজনা।
এইবাৰ বিশ্বকাপৰ কোনো উদ্বোধনী অনুষ্ঠান আয়োজন নকৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এই খন খেলৰ পূৰ্বে এটা জকজমকীয়া অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।
কিন্তু এইখন খেলক লৈ জল্পনা কল্পনা আৰম্ভ হোৱাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা অহা খবৰে ক্রীকেটপ্রেমী সকলক নিৰাশ কৰি তুলিছে ।
কাইলৈ অৰ্থাৎ আহমেদাবাদত অনুষ্ঠিত হবলগীয়া ভাৰত-পাকিস্তানৰ খেলখনৰ মাজত বৰষুণ অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই । কেৱল আহমেদাবাদতেই নহয়, উত্তৰ গুজৰাটত শনিবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
আহমেদাবাদৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী মনোৰমা মহান্তিয়ে জানিবলৈ দিয়া মতে, “শনিবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।কাইলৈ আহমেদাবাদৰ বতৰ ডাৱৰীয়া হ’ব। আহমেদাবাদৰ উপৰিও, উত্তৰ গুজৰাটতো প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।