অসমত বসবাস কৰা বহু লোকে নথি-পত্ৰৰ অভাৱত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে।
তেনে এটা গোচৰত এগৰাকী মহিলাই বিগত ছবছৰ ধৰি অবৈধ প্ৰব্ৰজনকাৰী হোৱাৰ পৰিণতি ভোগ কৰিবলগীয়া হৈ আছিল।
কিন্তু দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত এইগৰাকী ৫০ বছৰীয়া মহিলাক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হয়।
২০১৭ চনত অসমৰ ৫০ বছৰীয়া দুলুবি বিবিক ভোটাৰ তালিকাত নামৰ মিল নোহোৱাৰ বাবে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা হৈছিল।
বিষয়াসকলে জনোৱা মতে, ছবছৰৰ পাছত পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিত দুলুবিক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হয়।
কাছাৰ জিলাৰ উদৰবন্দ অঞ্চলৰ বাসিন্দা দুলুবি বিবি (৫০) নামৰ মহিলাগৰাকীক ২০১৭ চনৰ ২০ মাৰ্চত শিলচৰৰ বিদেশী ন্যায়াধিকৰণ-৩ৰ সিদ্ধান্তৰ অধীনত অবৈধ প্ৰব্ৰজনকাৰী হিচাপে ঘোষণা কৰা হৈছিল।
১৯৯৮ চনৰ এক গোচৰৰ শুনানিৰ সময়ত ন্যায়াধিকৰণে মহিলাগৰাকীক বিদেশী বুলি ঘোষণা কৰিছিল। পিছত ২০১৫ চনত বিদেশী ন্যায়াধিকৰণ আইনৰ অধীনত গোচৰটো পুনৰ পঞ্জীয়ন কৰা হয়।